Share to:

 

আফ্ৰিকা

আফ্ৰিকা
মাটিকালি 30,221,532 km2 (11,668,599 sq mi)
জনসংখ্যা 1,022,234,000[1] (2010, 2nd)
জনঘনত্ব 30.51/km2 (about 80/sq mi)
বাসিন্দা আফ্ৰিকান
দেশসমূহ 56 তালিকা
অধীনস্থ অঞ্চলসমূহ
ভাষাসমূহ তালিকা
সময় অঞ্চলসমূহ UTC-1 ৰ পৰা UTC+4 লৈ

আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।[2] এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।

ব্যুৎপত্তি

আফ্ৰি আছিল নীল নদীৰ পশ্চিমে তেতিয়াৰ উত্তৰ আফ্ৰিকাৰ বাসিন্দাসকলক বুজাবলৈ ব্যৱহাৰ কৰা লেটিন নাম, ইয়াৰ দ্বাৰা বহলভাৱে ভূমধ্য সাগৰৰ দক্ষিণৰ সকলো দেশক (প্ৰাচীন লিবিয়া) বুজোৱা হৈছিল। এই নামটোৱে প্ৰথমে লিবিয়াৰ এটা স্থানীয় জনগোষ্ঠীক বুজাইছিল যেন লাগে, যিটো আধুনিক বাৰ্বাৰসকলৰ পূৰ্বপুৰুষ।[3] এই নামটো সাধাৰণতে ফিনিচিয়ান শব্দ ʿafar অৰ্থাৎ "ধূলি"ৰ সৈতে জড়িত আছিল [4] কিন্তু ১৯৮১ চনৰ এটা অনুমান[5] গুহাত বাস কৰা লোকসকলৰ উল্লেখত "গুহা" অৰ্থাৎ ইফ্ৰি (বহুবচন ইফ্ৰাণ) শব্দৰ পৰা উদ্ভৱ হোৱা বুলি দাবী কৰিছে।[6] আলজেৰিয়া আৰু ট্ৰিপলিটানিয়াৰ পৰা অহা বানুক ইফ্ৰাণৰ নামত পোৱা যায়। বানু ইফ্ৰাণ হৈছে এটা বৰ্বৰ জনগোষ্ঠী যিয়ে প্ৰথমে উত্তৰ-পশ্চিম লিবিয়াৰ ইয়াফ্ৰাণত আৰু মৰক্কোৰ ইফ্ৰাণ চহৰত বাস কৰিছিল।

ৰোমান শাসনত খ্ৰীষ্টপূৰ্ব ১৪৬ চনত তৃতীয় পুনিক যুদ্ধত কাৰ্থাজিয়ানসকলৰ পৰাজয়ৰ পিছত ই কাৰ্থাজ প্ৰদেশৰ ৰাজধানী হিচাপে পৰিগণিত হয়। তাৰ পিছত ইয়াৰ নাম আফ্ৰিকা প্ৰকনছুলাৰিছ ৰখা হৈছিল, য’ত আধুনিক লিবিয়াৰ উপকূলীয় অংশও অন্তৰ্ভুক্ত কৰা হৈছিল।

পিছৰ মুছলমান অঞ্চল আফ্ৰিকাত বাইজেণ্টাইন (পূব ৰোমান) সাম্ৰাজ্যৰ এক্সাৰ্চাটাছে আফ্ৰিকা জয় কৰাৰ পিছত ইয়াৰ নামৰ এটা ৰূপ অপৰিৱৰ্তিত হৈ থাকিল।

জলবায়ু

আফ্ৰিকাৰ জলবায়ু গ্ৰীষ্মমণ্ডলীয়ৰ পৰা ছাবআৰ্কটিকলৈকে ইয়াৰ উচ্চতম শৃংগবোৰত বিস্তৃত। ইয়াৰ উত্তৰৰ অৰ্ধেক অংশ মূলতঃ মৰুভূমি বা শুষ্ক, আনহাতে ইয়াৰ মধ্য আৰু দক্ষিণ অঞ্চলত ছাভানা সমভূমি আৰু ঘন জংঘল (বৰ্ষাৰণ্য) দুয়োটা অঞ্চল আছে। মাজতে এক অভিসৰণ ঘটিছে, য’ত ছাহেল আৰু ষ্টেপৰ দৰে গছ-গছনিৰ আৰ্হিৰ আধিপত্য বিস্তাৰ কৰিছে। আফ্ৰিকা পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশ আৰু সমগ্ৰ ভূপৃষ্ঠৰ ৬০% শুকান ভূমি আৰু মৰুভূমিৰে গঠিত।[7] লিবিয়াত ১৯২২ চনত ৫৮ ডিগ্ৰী চেলছিয়াছ (১৩৬ ডিগ্ৰী ফাৰেনহাইট) উষ্ণতাৰ সৰ্বোচ্চ উষ্ণতাৰ অভিলেখ ২০১৩ চনত পুনৰ নথিভুক্ত কৰা হয়।[8]

পৰিৱেশ আৰু জীৱ বৈচিত্ৰ্য

আফ্ৰিকাত ৩,০০০ৰো অধিক সংৰক্ষিত অঞ্চল আছে, য’ত ১৯৮টা সাগৰীয় সংৰক্ষিত অঞ্চল, ৫০টা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু ৮০টা জলাশয় সংৰক্ষিত অঞ্চল আছে। উল্লেখযোগ্য বাসস্থান ধ্বংস, জনসংখ্যা বৃদ্ধি আৰু চোৰাং চিকাৰে আফ্ৰিকাৰ জীৱ বৈচিত্ৰ্য আৰু কৃষিযোগ্য ভূমি হ্ৰাস কৰিছে। মানুহৰ বেদখল, নাগৰিক অশান্তি আৰু অথলুৱা প্ৰজাতিৰ প্ৰৱৰ্তনে আফ্ৰিকাৰ জীৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰশাসনিক সমস্যা, অপৰ্যাপ্ত কৰ্মী আৰু পুঁজিৰ সমস্যাই ইয়াক আৰু অধিক ভয়াৱহ কৰি তুলিছে।[7]

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)ৰ তথ্য অনুসৰি বনাঞ্চল ধ্বংসৰ ফলত বিশ্বৰ দুগুণ হাৰত আফ্ৰিকাত প্ৰভাৱ পৰিছে।[9] ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া আফ্ৰিকান ষ্টাডিজ চেণ্টাৰৰ মতে, আফ্ৰিকাৰ ৩১% চৰণীয়া পথাৰ আৰু ১৯% বনাঞ্চল আৰু বনাঞ্চল অৱক্ষয়ী বুলি শ্ৰেণীভুক্ত কৰা হৈছে আৰু আফ্ৰিকাই বছৰি চাৰি মিলিয়ন হেক্টৰতকৈ অধিক বনাঞ্চল হেৰুৱাইছে, যিটো বাকী পৃথিৱীৰ গড় বনাঞ্চল ধ্বংসৰ হাৰৰ দুগুণ৷[7] কিছুমান সূত্ৰই দাবী কৰিছে যে পশ্চিম আফ্ৰিকাৰ প্ৰায় ৯০% মূল কুমাৰী অৰণ্য ধ্বংস হৈছে।[10] ২০০০ বছৰ আগতে মানুহৰ আগমনৰ পিছৰে পৰা মাদাগাস্কাৰৰ মূল অৰণ্যৰ ৯০% তকৈ অধিক ধ্বংস হৈছে।[11] আফ্ৰিকাৰ প্ৰায় ৬৫% কৃষিভূমি মাটিৰ অৱক্ষয়ৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷[12]

দেশ আৰু অঞ্চলসমূহ

আফ্ৰিকাৰ মানচিত্ৰ

তথ্য সংগ্ৰহ

  1. "World Population Prospects: The 2010 Revision" United Nations (Department of Economic and Social Affairs, population division)
  2. Sayre, April Pulley. (1999) Africa, Twenty-First Century Books. ISBN 0-7613-1367-2.
  3. Vycichl, W. (1985-11-01). "Africa" (fr ভাষাত). Encyclopédie berbère (2): 216–217. doi:10.4000/encyclopedieberbere.888. ISSN 1015-7344. https://journals.openedition.org/encyclopedieberbere/888. ""Etymology: The Latin designation (Africa) originally meant the land of the Afri, an indigenous tribe of present-day northern Tunisia, often confused with the Carthaginians, but Livy clearly distinguishes the Afri from the Carthaginians:- "Hasdrubal placed the Carthaginians on the right wing and the Afri on the left"- "the Carthaginians and the African veterans"- "the Carthaginians had Afri and Numidians as mercenaries"- "the horsemen of the Libyphoenicians, a Carthaginian tribe mixed with Afri"". 
  4. Venter & Neuland, NEPAD and the African Renaissance (2005), p. 16.
  5. Desfayes, Michel (25 January 2011). "The Names of Countries". michel-desfayes.org. http://michel-desfayes.org/namesofcountries.html। আহৰণ কৰা হৈছে: 9 April 2019. "Africa. From the name of an ancient tribe in Tunisia, the Afri (adjective: Afer). The name is still extant today as Ifira and Ifri-n-Dellal in Greater Kabylia (Algeria). A Berber tribe was called Beni-Ifren in the Middle Ages and Ifurace was the name of a Tripolitan people in the 6th century. The name is from the Berber language ifri 'cave'. Troglodytism was frequent in northern Africa and still occurs today in southern Tunisia. Herodote wrote that the Garamantes, a North African people, used to live in caves. The Ancient Greek called troglodytēs an African people who lived in caves. Africa was coined by the Romans and 'Ifriqiyeh' is the arabized Latin name. (Most details from Decret & Fantar, 1981)." 
  6. Babington Michell, Geo (1903). "The Berbers". Journal of the Royal African Society খণ্ড 2 (6): 161–194. doi:10.1093/oxfordjournals.afraf.a093193. https://zenodo.org/record/1782363। আহৰণ কৰা হৈছে: 30 August 2020. 
  7. 7.0 7.1 7.2 "Africa: Environmental Atlas, 06/17/08." Archived 5 January 2012 at the Wayback Machine African Studies Center Archived 31 July 2011 at the Wayback Machine, University of Pennsylvania. Accessed June 2011.
  8. "World Meteorological Organization World Weather / Climate Extremes Archive". Archived from the original on 4 January 2013. https://web.archive.org/web/20130104143844/http://wmo.asu.edu/world-highest-temperature। আহৰণ কৰা হৈছে: 10 January 2013. 
  9. Deforestation reaches worrying level – UN. Archived 6 December 2008 at the Wayback Machine. AfricaNews. 11 June 2008.
  10. Forests and deforestation in Africa – the wasting of an immense resource. Archived 20 May 2009 at the Wayback Machine. afrol News.
  11. সাঁচ:NatGeo ecoregion
  12. "Nature laid waste: The destruction of Africa" Archived 17 October 2017 at the Wayback Machine, The Independent, 11 June 2008.

বাহ্যিক সংযোগ

সাধাৰণ তথ্য
ইতিহাস
নিউজ মিডিয়া
পৰিভ্ৰমণ
Index: pl ar de en es fr it arz nl ja pt ceb sv uk vi war zh ru af ast az bg zh-min-nan bn be ca cs cy da et el eo eu fa gl ko hi hr id he ka la lv lt hu mk ms min no nn ce uz kk ro simple sk sl sr sh fi ta tt th tg azb tr ur zh-yue hy my ace als am an hyw ban bjn map-bms ba be-tarask bcl bpy bar bs br cv nv eml hif fo fy ga gd gu hak ha hsb io ig ilo ia ie os is jv kn ht ku ckb ky mrj lb lij li lmo mai mg ml zh-classical mr xmf mzn cdo mn nap new ne frr oc mhr or as pa pnb ps pms nds crh qu sa sah sco sq scn si sd szl su sw tl shn te bug vec vo wa wuu yi yo diq bat-smg zu lad kbd ang smn ab roa-rup frp arc gn av ay bh bi bo bxr cbk-zam co za dag ary se pdc dv dsb myv ext fur gv gag inh ki glk gan guw xal haw rw kbp pam csb kw km kv koi kg gom ks gcr lo lbe ltg lez nia ln jbo lg mt mi tw mwl mdf mnw nqo fj nah na nds-nl nrm nov om pi pag pap pfl pcd krc kaa ksh rm rue sm sat sc trv stq nso sn cu so srn kab roa-tara tet tpi to chr tum tk tyv udm ug vep fiu-vro vls wo xh zea ty ak bm ch ny ee ff got iu ik kl mad cr pih ami pwn pnt dz rmy rn sg st tn ss ti din chy ts kcg ve 
Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 
Kembali kehalaman sebelumnya